অসমীয়া ভাষা - "ভাল খবৰ".mp4
Assamese Language - "Good News".mp4 //যোহন 1 - ঈশ্বৰৰ বাক্যই
মানুহৰূপে জন্ম গ্রহণ কৰিলে1আদিতে বাক...
38 Minuten
Podcast
Podcaster
INDIAN MOST POPULAR LANGUAGES BY NUMBER(FROM No.1 TO No.12) / ===“Good News for All People”, "Words of Light", and "Songs og Life" // संख्या से सर्वाधिक बोली जाने वाली भाषाओं (१-१२) भारत में - ==="सभी लोगों के लिए अच्छी खबर", "प्रकाश के शब्द", और "जीव...
Beschreibung
vor 9 Jahren
Assamese Language - "Good News".mp4 //
যোহন 1 - ঈশ্বৰৰ বাক্যই মানুহৰূপে জন্ম গ্রহণ
কৰিলে
1আদিতে বাক্য আছিল; বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু সেই বাক্যই স্বয়ং
ঈশ্বৰ।
2এই বাক্য আদিতে ঈশ্বৰে সৈতে আছিল।
3তেওঁৰ দ্বাৰাই সকলো সৃষ্টি হ’ল আৰু যি সকলো হ’ল, সেইবোৰৰ এটাও
তেওঁৰ অবিহনে নহ’ল।
4জীৱন বাক্যতেই আৰু সেই জীৱনেই সকলো মানুহৰ বাবে পোহৰ।
5সেই পোহৰ আন্ধাৰত উজ্বলি উঠিল আৰু আন্ধাৰে তাক পৰাভূত নকৰিলে।
6ঈশ্বৰে যোহন নামেৰে এজন মানুহক পঠিয়াইছিল।
7তেওঁ সেই পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈ এজন সাক্ষীৰূপে আহিছিল যাতে
তেওঁৰ দ্বাৰাই সকলোৱে বিশ্বাস কৰে।
8যোহন নিজে সেই পোহৰ নাছিল; তেওঁ সেই পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈহে
আহিছিল।
9সেই পোহৰ জগতলৈ আহিছিল আৰু সকলো মানুহকে পোহৰ দিয়া, সেই সত্য পোহৰ
আছিল।
10তেওঁ জগততে আছিল; জগত তেওঁৰ দ্বাৰাই সৃষ্টি হৈছিল, কিন্তু জগতে
তেওঁক নাজানিলে।
11যি জগত তেওঁৰ নিজৰেই, তেওঁ সেই ঠাইলৈ আহিল, কিন্তু তেওঁৰ নিজৰ
লোকেই তেওঁক গ্ৰহণ নকৰিলে।
12কিন্তু যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে আৰু তেওঁৰ নামত বিশ্বাস
কৰিলে, সেই লোক সকলক ঈশ্বৰৰ সন্তান হ’বলৈ তেওঁ ক্ষমতা দিলে।
13তেওঁলোকৰ জন্ম তেজৰ পৰা বা মাংসিক অভিলাষৰ পৰা বা মানুহৰ ইচ্ছাৰ
পৰা হ’ল, এনে নহয়, কিন্তু ঈশ্বৰৰ ইচ্ছাৰ পৰাহে হৈছে।
14সেই বাক্যই মাংস হ’ল; অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত
বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁৰ যি মহিমা, সেই
মহিমা আমি দেখিলোঁ।
15যোহনে তেওঁৰ বিষয়ে সাক্ষ্য দি চিঞৰি ক’লে, “যি জনৰ বিষয়ে মই
কৈছিলোঁ, এৱেঁই সেই জন। যি জন মোৰ পাছত আহিছে, তেওঁ মোতকৈ আগ হ’ল,
কাৰণ তেওঁ মোৰ পূৰ্বেও আছিল।”
16আমি সকলোৱে তেওঁৰ সেই পূৰ্ণতাৰ পৰা অনুগ্রহৰ ওপৰিও বিনামূলীয়া
অনুগ্রহ পালোঁ।
17কাৰণ মোচিৰ দ্বাৰা বিধান দিয়া হৈছিল; কিন্তু অনুগ্ৰহ আৰু সত্যতা
যীচু খ্ৰীষ্টৰ দ্বাৰাহে আহিল।
18ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই; পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰই
তেওঁক প্ৰকাশ কৰিলে।
Weitere Episoden
4 Minuten
vor 9 Jahren
5 Minuten
vor 9 Jahren
3 Minuten
vor 9 Jahren
59 Minuten
vor 9 Jahren
In Podcasts werben
Kommentare (0)