[12]. যীচুৰ অসমীয়া গীত - "বিশ্ৰাম ল'বলৈ মাতিছো"।

[12]. যীচুৰ অসমীয়া গীত - "বিশ্ৰাম ল'বলৈ মাতিছো"।

[12]. Jesus Assamese Song - "Calling You to Rest".mp4 //আদি 1 - প্রথম দিন1আদিতে ঈশ্বৰে আকাশ-মণ্ডল...
2 Minuten
Podcast
Podcaster
INDIAN MOST POPULAR LANGUAGES BY NUMBER(FROM No.1 TO No.12) / ===“Good News for All People”, "Words of Light", and "Songs og Life" // संख्या से सर्वाधिक बोली जाने वाली भाषाओं (१-१२) भारत में - ==="सभी लोगों के लिए अच्छी खबर", "प्रकाश के शब्द", और "जीव...

Beschreibung

vor 9 Jahren

[12]. Jesus Assamese Song - "Calling You to Rest".mp4 //
আদি 1 - প্রথম দিন


1আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। 2পৃথিবীৰ আকাৰ
নাছিল আৰু সম্পূর্ণ শূণ্য আছিল; তাৰ ওপৰত আন্ধাৰে ঢকা অগাধ জল আছিল
আৰু ঈশ্বৰৰ আত্মাই সেই জলৰ ওপৰত উমাই আছিল। 3ঈশ্বৰে ক’লে, “পোহৰ
হওক,” তেতিয়া পোহৰ হ’ল। 4ঈশ্বৰে পোহৰক অতি উত্তম দেখিলে; তেওঁ
আন্ধাৰৰ পৰা পোহৰক পৃথক কৰিলে। 5পাছত ঈশ্বৰে পোহৰৰ নাম “দিন” আৰু
আন্ধাৰৰ নাম “ৰাতি” হ’ল। এইদৰে গধূলি হ’ল আৰু পুৱা হোৱাত এক দিন
হ’ল। পাছত ঈশ্বৰে পোহৰৰ নাম দিন, আৰু আন্ধাৰৰ নাম ৰাতি থলে। গধূলি
আৰু পুৱা হোৱাত প্রথম দিন হ’ল।


দ্বিতীয় দিন 6তাৰ পাছত ঈশ্বৰে ক’লে, “জলৰ মাজত ভাগ হৈ এক বিস্তৃত
খালী অংশ হওঁক আৰু ই জলক দুভাগ কৰক।” 7এইদৰে ঈশ্বৰে জলৰ মাজত এক
খালী অংশৰ সৃষ্টি কৰিলে আৰু তলত থকা জল ভাগৰ পৰা ওপৰৰ জল ভাগক পৃথক
কৰিলে; তাতে তেনেদৰেই হ’ল। 8ঈশ্বৰে সেই বিস্তৃত খালী অংশৰ নাম
“আকাশ” ৰাখিলে। গধূলি আৰু পুৱা হ’লত, দ্বিতীয় দিন হ’ল। তৃতীয় দিন
9তাৰ পাছত ঈশ্বৰে ক’লে, “আকাশৰ তলত থকা জল ভাগ এক ঠাইত আহি গোট
খাওঁক আৰু শুকান ভূমি ওলাওক;” তেতিয়া তেনেদৰেই হ’ল। 10ঈশ্বৰে শুকান
ভূমিৰ নাম “স্থল” আৰু গোট খোৱা জল ভাগৰ নাম “সমুদ্ৰ” হ’ল; তেতিয়া
ঈশ্বৰে ইয়াক উত্তম দেখিলে। 11ঈশ্বৰে ক’লে, “ভূমিয়ে ঘাঁহ-বন, শস্য
উৎপাদনকাৰী উদ্ভিদ আৰু বীজ থকা গছ উৎপন্ন কৰক; বিভিন্ন ধৰণৰ ভিতৰত
গুটি থকা ফলৰ গছ স্থলভাগৰ ওপৰত গজি উঠক।” তাতে তেনেদৰেই হ’ল;
12ভূমিত ঘাঁহ-বন, শস্যদায়ী উদ্ভিদ আৰু বীজ থকা গছ উৎপন্ন হ’ল;
বিভিন্ন ধৰণৰ ফলৰ গছ হ’ল আৰু ফলৰ ভিতৰত গুটি হ’ল। তেতিয়া ঈশ্বৰে
এইবোৰ উত্তম দেখিলে। 13গধূলি আৰু পুৱা হোৱাৰ পাছত তৃতীয় দিন হ’ল।
চতুর্থ দিন 14তাৰ পাছত ঈশ্বৰে ক’লে, “পোহৰ হ’বলৈ আকাশত অনেক
জ্যোতিবোৰ হওঁক; সেই পোহৰে ৰাতিৰ পৰা দিনক পৃথক কৰিব। সেইবোৰ বেলেগ
বেলেগ ঋতু, দিন আৰু বছৰৰ চিন ৰূপে ব্যৱহাৰ হওঁক। 15সেইবোৰে পৃথিবীৰ
ওপৰত পোহৰ দিবলৈ আকাশত প্ৰদীপস্বৰূপ হওঁক।” তেতিয়া তেনেদৰেই হ’ল।
16ঈশ্বৰে দিনৰ ওপৰত অধিকাৰ চলাবলৈ এক মহা-জ্যোতি, আৰু ৰাতিৰ ওপৰত
অধিকাৰ চলাবলৈ তাতকৈ এক ক্ষুদ্ৰ-জ্যোতি, এই দুই বৃহৎ জ্যোতি আৰু
তৰাবোৰকো নিৰ্ম্মাণ কৰিলে। 17ঈশ্বৰে সেইবোৰক আকাশৰ মাজত স্থাপন
কৰিলে যাতে সেইবোৰে পৃথিবীৰ ওপৰত পোহৰ দিয়ে; 18দিন আৰু ৰাতিৰ ওপৰত
অধিকাৰ চলায় আৰু আন্ধাৰৰ পৰা পোহৰক পৃথক কৰে। তেতিয়া ঈশ্বৰে ইয়াক
উত্তম দেখিলে। 19গধূলি আৰু পুৱা হোৱাৰ পাছত চতুৰ্থ দিন হ’ল। পঞ্চম
দিন 20তাৰ পাছত ঈশ্বৰে ক’লে, “বিভিন্ন প্রাণীৰে জল ভাগ পূর্ণ হওঁক
আৰু পৃথিবীৰ ওপৰ ভাগত আকাশৰ মাজত চৰাইবোৰ উড়ি ফুৰক।” 21এইদৰে
ঈশ্বৰে ডাঙৰ ডাঙৰ সাগৰীয় প্রাণী, জলৰ মাজত বিচৰণ কৰা বিভিন্ন
প্রকাৰৰ উৰগ প্রাণী আৰু নানাবিধ ডেউকা থকা চৰাই সৃষ্টি কৰিলে;
তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে। 22ঈশ্বৰে সেইবোৰক আশীৰ্ব্বাদ
কৰি ক’লে, “বংশ বৃদ্ধি কৰি তোমালোকে নিজৰ সংখ্যা বঢ়াই তোলা আৰু
সমুদ্ৰবোৰৰ পানী পৰিপূৰ্ণ কৰা; পৃথিবীৰ ওপৰত চৰাইবোৰেও নিজৰ সংখ্যা
বৃদ্ধি কৰক।” 23গধূলি আৰু পুৱা হোৱাৰ পাছত পঞ্চম দিন হ’ল। ষষ্ঠ দিন
24তাৰ পাছত ঈশ্বৰে ক’লে, “পৃথিৱীত বিভিন্ন ধৰণৰ প্ৰাণী উৎপন্ন হওঁক;
ঘৰচীয়া পশু, বগাই ফুৰা প্ৰাণী আৰু নানা বিধ বনৰীয়া জন্তু উৎপন্ন
হওঁক।” তাতে তেনেকুৱাই হ’ল। 25ঈশ্বৰে বিভিন্ন বনৰীয়া জন্তু,
বিভিন্ন ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা বিভিন্ন প্ৰাণী নিৰ্ম্মাণ
কৰিলে। তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে। প্রথম মনুষ্য নির্ম্মাণ
26তাৰ পাছত ঈশ্বৰে ক’লে, “আমি নিজৰ প্ৰতিমুৰ্ত্তিৰ দৰে আমাৰ
সাদৃশ্যেৰে মানুহ নিৰ্ম্মাণ কৰোঁহক; তেওঁলোকে সমুদ্ৰৰ মাছ, আকাশৰ
চৰাই, ঘৰচীয়া পশু, সমুদায় পৃথিৱী আৰু পৃথিবীত বগাই ফুৰা প্রাণীৰ
ওপৰত অধিকাৰ চলাওঁক।” 27তেতিয়া ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰে মানুহ
সৃষ্টি কৰিলে; ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰেই মানুহ সৃষ্টি কৰিলে;
তেওঁ তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিলে। 28পাছত ঈশ্বৰে
তেওঁলোকক আশীৰ্ব্বাদ কৰি ক’লে, “তোমালোক বহুবংশ হোৱা; বাঢ়ি বাঢ়ি
পৃথিবীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভুত কৰা; সমুদ্ৰৰ মাছ; আকাশৰ
চৰাই, আৰু পৃথিবীৰ ওপৰত বিচৰণ কৰা সকলো প্রাণীৰ ওপৰত অধিকাৰ চলোৱা।”
29ঈশ্বৰে ক’লে, “চোৱা, গোটেই পৃথিবীৰ ওপৰিভাগত গুটি উৎপন্ন কৰা গছ
আৰু ভিতৰত গুটি থকা সকলো ফলধৰা গছ মই তোমালোকক দিলোঁ; সেয়ে
তোমালোকৰ আহাৰ হ’ব। 30সকলো বনৰীয়া জন্তু, আকাশৰ সকলো চৰাই আৰু
মাটিত বগাই ফুৰা সকলো প্রাণীৰ আহাৰৰ কাৰণে সকলো কেচাঁ বন দিলোঁ।”
তাতে তেনেকুৱাই হ’ল। 31পাছত ঈশ্বৰে নিজে নিৰ্ম্মাণ কৰা সকলোকে চালে।
সেইবোৰ চাই অতি উত্তম পালে। গধূলি আৰু পুৱা হোৱাৰ পাছত ষষ্ঠ দিন
হ’ল।

Kommentare (0)

Lade Inhalte...

Abonnenten

15
15